নিজৰ পত্নী বা স্বামীয়ে কিমান ভাল পায় আপোনাক ? জানক এইকেইটা কথাৰে !

WhatsApp Group Join Now
Telegram Group Join Now

আপোনাৰ পত্নী বা স্বামীয়ে কিমান ভাল পায় আপোনাক? এইকেইটা কথাৰে জানিব পাৰিব!

women-hug-and-kiss-more-to-show-their-love

 

আপুনি সচাকৈ জানিব বিচাৰে নেকি আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পাই, আপোনাক সচাকৈ ভাল পায় নে নাপায়, কিমান মৰম কৰে, নে নকৰে তলত উল্লেখ কৰা কথা কেইটাৰ জৰিয়তে জানিব পাৰিব ।

 

সুখী পৰিয়াল নাইবা সুখী দাম্পত্য জীৱন আমি সকলোৱে বিচাৰো । আপুনিও বিচাৰে আপোনাৰ পত্নীৰ সৈতে এটা মধুৰ সম্পৰ্ক আজীৱন জীয়াই থকাটো । আপুনি যদি আপোনাৰ পত্নী/স্বামীয়ে কিমান ভাল পায় বা কিমান মৰম কৰে ইয়াক জানিবলৈ কেইটামান কথা মন কৰক ।

 

আপুনি যদি দিনটো ঘৰতে আছে তেনে অৱস্থাত আপোনাৰ পত্নীয়ে আপোনাক কিমান বাৰ আলিংগন কৰে নাইবা চুম্বন (Love & Kiss) কৰে নাইবা ধেমালি কৰে । কিয়নো “ডেইলি মেইল” ত প্ৰকাশিত এটা প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে যে, দাম্পত্য সম্পৰ্ক (Couple Relationship) ক লৈ কৰা এটা নতুন সমীক্ষাৰ মতে যি মহিলাই নিজৰ স্বামীক বহুত ভাল পায় সেই মহিলাই নিজৰ স্বামীক যেতিয়াই তেতিয়াই সুবিধা অনুযায়ী মৰমৰ আলিংগন কৰে আৰু চুম্বন কৰে আৰু সৰু সৰু কথাতে কম কাজিয়া কৰে ।

(এইটো নহয় যে মৰমৰ আলিংগন আৰু চুম্বন নকৰিলে বুলিয়ে নিজৰ স্বামীক বেয়া পায়।)

ইটো পঢ়ক – এই কেইটা বেমাৰ আছে যদি চাওঁক আৰু অতি সহজতে ঘৰুৱা বিধানেৰে দিয়ক বিদায় ! Health Tips

এই প্ৰতিবেদনত ১৬৮ হাল দম্পতিক চামিল কৰা হৈছিল । অধ্যয়নত পোৱা মতে, পুৰুষ সকল স্বভাৱগত ভাৱে ৰোমান্টিক নহয় আৰু তেওঁলোকে ঘৰৰ বিভিন্ন কামকাজ যেনে – পত্নীক কাপোৰ ধুই সহায় কৰা, বাচন ধুই সহায় কৰা, ঘৰ সাৰি সহায় কৰা ইত্যাদি কামত নিজকে নিয়োগ কৰি মৰম, ভাল পোৱাৰ প্ৰকাশ কৰে । 

 

আনহাতে কিছুমান মহিলাই মৰম ভাল পোৱাৰ অনুভৱ নকাৰাত্মক ভাবে প্ৰকাশ কৰে । প্ৰতিবেদনৰ মতে, যিবোৰ পুৰুষে নিজৰ পত্নীক বহুত বেছি ভাল পায় তেওঁলোকে নিজৰ পত্নীৰ লগত অধিক সহবাস কৰিব বিচাৰি নিজৰ ভাল পোৱাক প্ৰকাশ কৰিব খুজে । এই অধ্যয়নটোত এইটোও কোৱা হৈছে যে মহিলা সকলৰ ফালৰ পৰা যৌন ক্ৰিয়াৰ (Sexual Act) আৰম্ভণিৰ সম্ভাৱনা অতি কম থাকে । এই অধ্যয়ন “Personality and Social Psychology Bulletin” ত 2019 চনৰ চেপ্তেম্বৰ মাহত প্ৰকাশ পাইছিল ।

ইটো পঢ়ক – হালধিৰ এই কেইটা চমৎকাৰি গুণৰ বিষয়ে জানিলে আপুনিও হ’ব আচৰিত !

এই পোষ্টটো বা এই অধ্যয়ন ৰ প্ৰতিবেদন খন পুৰণা যদিও নতুন বছৰৰ প্ৰাকক্ষণত আপোনাৰ দাম্পত্য জীৱন আৰু অধিক সুখৰ আৰু মধুময় হোৱাৰ কামনাৰে হে প্ৰকাশ কৰা হৈছে । আজি কালি জীৱনৰ বাটত খোজমিলাই চলোতে বেছিভাগ সময়ত বেছিভাগ ব্যক্তিয়ে মানসিক চাপত ভুগি থাকে । গতিকে মিছা-মিছি সৰু-সৰু কথাতে ভুল বুজা-বুজি নকৰি নাইবা কাজিয়া পেচাল নকৰি দাম্পত্য জীৱনৰ অধিক লাভ উঠাওক আৰু সুখ-শান্তিৰে জীৱন অতিবাহিত কৰক ।

 

মধুৰ হওঁক আপোনাৰ নতুন বছৰটি । তাৰ কামনাৰে Jobs18Assam.com পৰিয়ালৰ হৈ আপোনাক নতুন বছৰৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছো ।

                                          Chief Editor-

                                  Jobs18Assam.com

: চাকৰি বিচাৰি আছে নেকি? অসম চৰকাৰৰ ভিন্ন চাকৰিত আবেদন কৰিবলৈ ক্লিক কৰক । সকলো খবৰ অসমীয়া ভাষাত পঢ়িব পাৰিব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More