হালধিৰ এই কেইটা চমৎকাৰি গুণৰ বিষয়ে জানিলে আপুনিও হ’ব আচৰিত ! Health Benefits of Turmeric

WhatsApp Group Join Now
Telegram Group Join Now

মাৰ সকলোৱে চিনাকী আৰু ঘৰতে উৎপাদন কৰিব পৰা হালধিৰ আমি নজনা বহুতো উপকাৰীতা কথাৰ বিষয়ে এই লিখনিত উল্লেখ কৰা হৈছে । অতীজৰে পৰা আমি সকলোৱে আমাৰ ৰন্ধন কাৰ্যত হালধি ব্যৱহাৰ কৰি আহিছোঁ । হালধি আমি সকলোৱে আমাৰ দৈনন্দিন জীৱনত নিতৌ দাইল,ভাজি,মাছ,মাংস, কণী আদি সকলোতে ব্যৱহাৰ কৰো । কিন্তু আমি হয়তো বহুতে নাজানো এই হালিধিৰ আছে বহু চমৎকাৰি গুণ আৰু আমাৰ শৰীৰৰ বিভিন্ন ৰোধ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পৰা গুণ ।

Health Benefits of Turmeric ! হালিধিৰ এই কেইটা চমৎকাৰি গুণৰ বিষয়ে জানিলে আপুনিও হ'ব আচৰিত



হালধিৰ চমৎকাৰি গুণ! Health Benefits of Turmeric –


আমাৰ শৰীৰৰ বিভিন্ন ৰোধ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পৰা এই গুণৰ সমূহৰ বাবে বৰ্তমান সময়ত হালধি গৱেষণাৰ এক বিষয় বস্তু হিচাপে পৰিগণিত হৈ পৰিছে।


বিভিন্ন চিকিৎসক আৰু গৱেষক সকলে প্ৰমাণ কৰি দেখুৱাইছে হালধিৰ বিস্ময়কৰ  উপকাৰীতা বোৰ কথা । আজি আমি এই লখনিটোত হালধিৰ চমৎকাৰি গুণৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ।


আহঁক চোন গৱেষক সকলে এই হালধিৰ বিষয়ে কি কৈছে সেয়া আমি জানি লওঁ,গৱেষক সকলে কৈছে  যে হালধিত আমাৰ  মানৱ শৰীৰ বাবে বিভিন্ন  উপকাৰী কিছুমান তত্ব থাকে,সেই বোৰ আমি এই লিখনিৰ জৰিয়তে আমি আলোচনা কৰাৰ উপৰিও হালধীৰ দ্বাৰা আমাৰ কি কি  ৰোগ নিৰাময় হয় সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ বিচাৰিছো ।

ইটো পঢ়ক – এই কেইটা বেমাৰ আছে যদি চাওঁক আৰু অতি সহজতে ঘৰুৱা বিধানেৰে দিয়ক বিদায় ! Health Tips | Jobs18Assam.com

হালধিত থকা বহূ উপযোগী তত্ব সমূহ হল –          



১) কুৰকুমিন 


২)প্ৰ’টিন


৩)ডায়েটেৰী ফাইবাৰ


৪)ভিটামিন B6


৫)ভিটামিন A


৬)ভিটামিন D


৭)ভিটামিন C


৮)আইৰণ


৯)মেংগানিজ


১০)প’টেছিয়াম ক’পাৰ


১১)কেলচিয়াম


১২)চডিয়াম


হালধিৰ এই কেইটা চমৎকাৰি গুণৰ বিষয়ে জানিলে আপুনিও হ’ব আচৰিত ! Health Benefits of Turmeric 


এতিয়া কথা হল চিকিৎসক সকলৰ মতে হালধি আমাৰ কোন বোৰ ৰোগৰ বাবে উপকাৰী সেই  বিষয়ে আমি জানো আহক –


১)চিকিৎসক সকলে কৈছে যে হালধিয়ে মানুহৰ ৰোধ প্রতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে ।


২)তাৰোপৰি হালধিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে ।


৩)হালধিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উপৰিও মধুমেহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উপযোগী ।


৪)হালধি হৃদৰোগীৰ বাবে উপকাৰী ।


৫)হালধিয়ে হৃদৰোগৰ উপৰিও মেদবহুলতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।


৬)হালধিয়ে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে ।


৭)হালধিয়ে কলেস্ত্ৰৰেল নিয়ন্ত্ৰণ কৰি হাৰ্টএটেক নোহোৱাত  সহায় কৰে ।


৮) ইয়াৰোপৰি হালধি এন্টিবেক্টেৰীয়েল আৰু এন্টিভাইৰেল গুণযুক্ত ।


৯)লগতে হালধিয়ে ছালৰ ৰোগ যেনে শালমন, এক্সিমা আদি ভাল কৰাৰ লগতে শৰীৰ যিকোনো ঘাঁ শুকুৱাত সহায় কৰে।


১০)আমাৰ পেটৰ ভিন্ন সমস্যাত হালধি সেৱন কৰিলে সুফল পোৱা যায়।


১১) হালধিয়ে বিভিন্ন স্নায়ুজনীত অৰ্থাৎ নাৰ্ভৰ সমস্যও দূৰ কৰাত কৰে ।


১২)হালধিয়ে আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰাটো সহায় কৰে।সেইবাবে আমি হালধিৰ ৰস নিয়মীয়াকৈ খাব লাগে।


১৩) ইয়াৰ ওপৰিও হালধি আৰ্থাইটিছ , বাট বিষ আদি ৰোগত বহুত অপকাৰী।


১৪)হালধি নিয়মীয়াকৈ ছালত ঘঁহিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় ।


১৫)দুৰ্বল ব্য়ক্তিক কেঁচা হালধিৰ ৰসৰ সৈতে কেঁচা কণী মিহলাই খোৱালে শক্তি বৃদ্ধি হয় ।


এই সমূহৰ উপৰিও হালধিৰ আৰু বহুত গুণ আছে। বিশেষকৈ কেঁচা হালধি পিহি হঠাৎ আঘাত পোৱা ঠাইত বা দেহৰ অংশত প্ৰলেপ দিলে বিষ নাইকিয়া হয় । তাৰোপৰি দেহৰ কোনো অংশত জুইয়ে পুৰিলে হালধিৰ প্ৰলেপ দিলে কিছু হলেও সুফল পোৱা যায়।


কোন সকল ব্য়ক্তিয়ে হালধি সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লব –


চিকিৎসকৰ মতে, পিত্ত বা কিডনিত পাথৰ থকা লোকসকলে হালধি সেৱন কৰিব নালাগে । কিয়নো কেলচিয়াম অক্সালেট বৃদ্ধি হৈ পাথৰৰ আকাৰ বৃদ্ধি হোৱা সম্ভাৱনা থাকে ।


ইয়াৰোপৰি গৰ্ভৱতী মহিলাই চিকিৎসকৰ পৰামৰ্শ অনুযায়ী হে হালধিৰ ৰস সেৱন কৰা উচিত।


আমি যদি হালধিৰ ৰস পানীৰ সৈতে মিহলাই এক নিয়মিত পৰিমাণত সেৱন কৰো তেতিয়া হলে আমি নিশ্চয় ওপৰত উল্লেখ কৰা ৰোগ সমূহৰ ক্ষেত্ৰত সুফল পাম ।


এই লিখনিটো চিকিৎসকৰ বিভিন্ন স্বাস্থ্য় সমপৰ্কীয় লিখনিৰ আধাৰত আপোনালোকৰ সহায়ক হোৱাৰ উদ্দেশ্য়ৰে প্ৰকাশ কৰা হৈছে । বিশেষ সমস্য়াৰ সন্মুখীন হলে চিকিৎসকৰ পৰামৰ্শ ল’ব ।


ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক

2 thoughts on “হালধিৰ এই কেইটা চমৎকাৰি গুণৰ বিষয়ে জানিলে আপুনিও হ’ব আচৰিত ! Health Benefits of Turmeric”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More