হাঁহি থকা মানুহজন গুচি গ’ল | প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান | Jobs18Assam.com

WhatsApp Group Join Now
Telegram Group Join Now

হাঁহি থকা মানুহজন আজি গুচি গ’ল ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান ঘটিল । আজি বিয়লি ৫.৩৪ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । ৮৬ বছৰ বয়সত তৰুণ গগৈৰ শেষ নিশ্বাস ত্যাগ।

tarun-gogoi-is-no-more
Tarun Gogoi(Pic From Google)



অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ দেহাৱসান। গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত চিকিত্‍সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় তিনিমাহ পূৰ্বে কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈক গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। যদিও কোৰোণাৰ পৰা মুক্ত হ’ল, তথাপিও শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়তে ৰখা হৈছিল।


উল্লেখযোগ্য যে, শনিবাৰৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। মেচিনৰ সহায়েৰে শ্বাস-প্ৰশ্বাস ল’বলগীয়া হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। বিকল হৈ পৰিছিল তেখেতৰ শৰীৰৰ বহু কেইটা গুৰুত্বপূৰ্ণ অংগ। অচেতন হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। আৰু অৱশেষত আজি পৃথিৱীৰ পৰা চিৰ দিনৰ বাবে বিদায় লয় অসমৰ ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী ব্যক্তিগৰাকীয়ে।


উল্লেখযোগ্য যে, কোৰোণাৰ পৰা সুস্থ হৈ উঠাৰ পিছত  দুৰ্গা পূজাৰ কেইদিনমান পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক চিকিত্‍সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল। বাসগৃহতো তৰুণ গগৈৰ স্বাস্থ্য চিকিত্‍সকৰ এটা দলে তদাৰক কৰি আছিল। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে পুনৰ উশাহ-নিশাত কষ্ট পোৱাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰু তেতিয়াৰ পৰাই চিকিত্‍সকৰ তদাৰকত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।


প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাহুল গান্ধী, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ শুনোৱালকে আদি কৰি বহু কেইজন ৰাজনৈতিক নেতাই টুইটাৰত দুখ প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।


তৰুণ গগৈৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰিছে। তৰুণ গগৈৰ মৃত্যু কেৱল কংগ্ৰেছ দলৰেই নহয়, সমগ্ৰ ৰাজ্যখনৰ বাবেই অপূৰণীয় ক্ষতি।

Jobs18Assam.com ৰ পৰিয়ালবৰ্গৰ পৰাও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More