Postal Assistant and Sorting Assistant (SSC CHSL) Recruitment 2020 – বহু দিনৰ অপেক্ষাৰ অন্তত ভাৰতীয় ডাক বিভাগত মুকলি হ’ল চাকৰি । এই লিখনিটোৰ জৰিয়তে ক’ত কেনেকৈ আৰু কিদৰে ডাক বিভাগত খালী হোৱা পদৰ বাবে আবেদন কৰিব পাৰিব আমি আলোচনা কৰিম । উল্লেখযোগ্য যে, এই খালী পদ সমূহৰ নিযুক্তি প্ৰক্ৰিয়া SSC CHSL অৰ্থাৎ Staff Selection Commission ৰ জৰিয়তে কৰা হ’ব ।
Postal Assistant and Sorting Assistant (SSC CHSL) Recruitment 2020 – Details
খালী পদৰ নাম –
ডাক বিভাগৰ খালীপদৰ নাম হৈছে পষ্টেল এচিষ্টেণ্ট আৰু ছৰ্টিং এচিষ্টেণ্ট । ইয়াৰ উপৰিও অন্য বিভাগত খালী হোৱা পদ সমূহ হৈছে LDC / Junior Assistant, ডাটা এণ্টৰী অপাৰেটৰ আদি ।
খালী পদৰ সংখ্যা –
খালী পদৰ সংখ্যা এতিয়ালৈ তেওঁলোকে উল্লেখ কৰা নাই । অতি সোনকালে আপডেট কৰা হ’ব ।
শিক্ষাগত অৰ্হতা –
১২ মান অৰ্থাৎ HS পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । আবেদন কৰা প্ৰক্ৰিয়াৰ বিষয়ে তলত উল্লেখ কৰা হৈছে ।
দৰমহা –
Postal Assistant / Sorting Assistant ৰ বাবে মহিলী দৰমহা Pay Level-4 25,500 টকাৰ পৰা 81,100 টকালৈ ।
LDC / Junior Secretariat Assistant পদৰ বাবে মহিলী দৰমহা Pay Level-2 19,000 টকাৰ পৰা 63,200 টকালৈ ।
Data Entry Operator ৰ বাবে মহিলী দৰমহা Pay Level-4 25,000 টকাৰ পৰা 81,100 টকা আৰু Level-5 29,000 টকাৰ পৰা 92,300 টকালৈ ।
Data Entry Operator Grade A ৰ বাবে মহিলী দৰমহা Pay Level -4 25,500 টকাৰ পৰা 81,100 টকালৈ ।
বয়স –
১৮ বছৰৰ পৰা ২৭ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । বিশেষ প্ৰাৰ্থীৰ বাবে বয়সৰ উচ্চসীমা ৰেহাই দিয়া হৈছে । অবিচিৰ বাবে ৩ বছৰ আৰু জনজাতিৰ বাবে ৫ বছৰ ৰেহাই দিয়া হৈছে ।
অসমৰ পৰীক্ষা কেন্দ্ৰসমূহ –
ডিব্ৰুগড়ৰ(৫১০২), গুৱাহাটী,দিশপুৰ(৫১০৫), যোৰহাট(৫১০৭) ।
আবেদনৰ মাচুল –
অবিচি আৰু সাধাৰণ শ্ৰেণীৰ বাবে আবেদনৰ মাচুল ১০০/- টকা ধার্য্য কৰা হৈছে । আৰু বাকী জনজাতীয় আৰু ছোৱালী প্ৰাৰ্থী সকলৰ বাবে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ।
আবেদন কৰাৰ প্ৰক্ৰিয়া How To Apply SSC CHSL Recruitment 2020
আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে SSC ৰ অফিচিয়েল ৱেবছাইট https://ssc.nic.in ত গৈ আবেদন কৰিব পাৰিব ।
তলত উল্লেখ কৰা প্ৰক্ৰিয়া কেইটা ফল’ কৰক –
১) গোগুলত টাইপ কৰক https://ssc.nic.in
২) Registration Linkt ত ক্লিক কৰি Registration সম্পূৰ্ণ কৰক ।
৩) এতিয়া Log in লিংকত ক্লিক কৰি আপোনাৰ Application খন সম্পূৰ্ণ কৰক ।
৪) এতিয়া আবেদনৰ মাচুল আদায় দি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক ।
প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংকসমূহ –
অনলাইন আবেদনৰ আৰম্ভণি – ৬ নৱেম্বৰ,২০২০
অনলাইন আবেদনৰ অন্তিম তাৰিখ – ১৫ ডিচেম্বৰ, ২০২০
অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ক্লিক কৰক ।
অনলাইন আবেদন কৰিবলৈ – ক্লিক কৰক ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।