Deputy Commissioner Biswanath Recruitment 2020 – বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ত মুকলি হৈছে বহুকেইটা চতুৰ্থ বৰ্গৰ (Grade-IV) পদ । এই পদৰ বাবে যোগ্যতা সম্পর্ণ নাগৰিকৰ পৰা আবেদন বিচৰা হৈছে । মুঠ 05 টা পিয়ন, চকীদাৰ আৰু প্ৰচেছ চাৰ্ভাৰ চতুর্থ বৰ্গৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । কেনেকৈ আবেদন কৰিব আৰু কি কি অৰ্হতাৰ প্ৰয়োজন হ’ব এই লিখনিটোতে আপোনাক জনাই দিবলৈ চেষ্টা কৰা হৈছে ।
বিশ্বনাথ উপায়ুক্ত কাৰ্য্যালয়ৰ গ্ৰেড-IV পদৰ সবিশেষ | Deputy Commissioner Biswanath Recruitment 2020 – Details
পদৰ নাম – প্ৰচেছ চাৰ্ভাৰ, পিয়ন, চকীদাৰ (গ্ৰেড-IV)
খালী পদৰ সংখ্যা – 05 টা
নিয়োগ কৰ্তৃপক্ষ – Office of the Deputy Commissioner Biswanath
চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি গ্ৰেড -IV
আবেদন প্ৰক্ৰিয়া – অফলাইন
আবেদনৰ অন্তিম তাৰিখ – 30.11.2020 সময় আবেলি 5 বজালৈ ।
খালী পদৰ সবিশেষ – Deputy Commissioner, Biswanath Recruitment 2020 – Details
1. পদৰ নাম – প্ৰচেছ চাৰ্ভাৰ
খালী পদৰ সংখ্যা – 02
দৰমহা – PB-2 12,000 /- টকাৰ পৰা 52,000 টকা লগতে 4400 টকা গ্ৰেড পে ।
শিক্ষাগত অৰ্হতা – অষ্টম শ্ৰেণী পাছ / Class VIII Passed
2. পদৰ নাম – পিয়ন ( গ্ৰেড-IV)
খালী পদৰ সংখ্যা – 02
দৰমহা – PB-2 12,000 /- টকাৰ পৰা 52,000 টকা লগতে 3900 টকা গ্ৰেড পে ।
শিক্ষাগত অৰ্হতা – অষ্টম শ্ৰেণী পাছ / Class VIII Passed
3. পদৰ নাম – চকীদাৰ ( গ্ৰেড-IV)
খালী পদৰ সংখ্যা – 01
দৰমহা – PB-2 12,000 /- টকাৰ পৰা 52,000 টকা লগতে 3900 টকা গ্ৰেড পে ।
শিক্ষাগত অৰ্হতা – অষ্টম শ্ৰেণী পাছ / Class VIII Passed
বয়স –
18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আবেদন কৰিব পাৰিব ।
চৰকাৰী নিয়ম অনুসৰি বিশেষ শ্ৰেণীৰ প্ৰাৰ্থী সকলৰ বাবে বয়সৰ উচ্চ সীমাৰ ৰেহাইৰ ব্যবস্থা কৰা হৈছে –
OBC /MOBC – 3 বছৰ ।
SC / ST – 5 বছৰ ।
নিৰ্বাচন প্ৰক্ৰিয়া / Selection Process – লিখিত পৰীক্ষা অনুষ্ঠিত হব । সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হব ।
এই গ্ৰেড-IV পদৰ বাবে কেনেকৈ আবেদন কৰিব/ How to Apply Deputy Commissioner Biswanath Recruitment 2020
প্ৰাৰ্থী সকলে অফলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব । প্ৰাৰ্থীসকলে পষ্ট অফিচ নাইবা নিজৰ হাতেৰেও আবেদন জমা দিব পাৰিব । Envelope ৰ ওপৰত The post Applied for লিখি আবেদন কৰিব বিচৰা পদটোৰ নাম লিখিব লাগিব ।আৰু ” The Deputy Commissioner, Biswanath District, P.O. Chariali, Assam ,PIN-784176″ এই ঠিকনাত পঠাব লাগিব । নাইবা বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ৰ ৰুম নং 44 (A) 5(A) ত নিজে গৈ নিজৰ আবেদন জমা দিব পাৰিব ।
জমা দিব লগীয়া প্ৰয়োজনীয় নথি সমূহ –
প্ৰাৰ্থী সকলে শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট, বয়সৰ প্ৰমাণ পত্ৰ, কাষ্ট চাৰ্টিফিকেট , Employment Exchange ৰ ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেটৰ জেৰক্স কঁপি Self attested কৰি আবেদনৰ লগত জমা দিব লাগিব।
প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংক সমূহ – Important Date And Weblinks For Deputy Commissioner Biswanath Recruitment 2020
আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ – 30/11/2020
অফিচৰ বিজ্ঞাপনটো পাবকৈ – ক্লিক কৰক ।
আবেদন কৰিবলৈ ফাৰ্ম – ক্লিক কৰক ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]