এই কেইটা বেমাৰ আছে যদি চাওঁক আৰু অতি সহজতে ঘৰুৱা বিধানেৰে দিয়ক বিদায় ! Health Tips | Jobs18Assam.com

WhatsApp Group Join Now
Telegram Group Join Now

ঠাণ্ডা দিনত প্ৰায়ভাগ ব্যক্তিৰেই জ্বৰ চৰ্দি পানী লগা,কাঁহ ইত্যাদি বেমাৰবোৰ দেখা যায় । আৰু আমি যদি বিশেষকৈ ঠাণ্ডাৰ দিনকেইটা নিৰ্দিষ্ট নিয়মত নচলোঁ তেন্তে এইবোৰ ৰোগৰ পৰা কেতিয়াও বাচিব নোৱাৰো । ৰোগ প্ৰতিৰোধৰ সমতা বেছিকৈ থকা লোকসকলৰ কথা বাৰু অলপ সুকীয়া । ওপৰত উল্লেখ কৰা ৰোগ কেইটাৰ বাহিৰেও আপুনি দৈনিক খোৱা পানীৰ পৰা আন বহু ৰোগৰ কাৰণ হ’ব পাৰে ।

benefits of warm water in winter


গতিকে এই লিখনিত ঠাণ্ডা দিনত কেনেকুৱা পানী খালে আমি কি কি ৰোগৰ পৰা হাত সাৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰা হৈছে।

ঠাণ্ডা দিনত বিশেষকৈ কুহুমীয়া গৰম পানী খাব লাগে । কুহুমীয়া পানীয়ে বহু ৰোগৰ পৰা আমাক বচাব পাৰে । আয়ুৰ্বেদতো কুহুমীয়া পানীৰ ভিন্ন উপকাৰীতাৰ বিষয়ে কোৱা হৈছে । আপুনি জানি আচৰিত হব যে কুহুমীয়া গৰম পানীয়ে কিমান বেমাৰ হোৱাত বাধা দিব পাৰে । এই  লিখনিটোত আমি কুহুমীয়া গৰম পানীৰ মহান ঔষধীৰ গুনৰ বিষয়ে আলোচনা কৰিম ।

কুহুমীয়া পানীয়ে আমাক কেনেকৈ উপকাৰ কৰে | Benefits Of Warm Water – 

আমি সকলোৱে জানো যে কুহুমীয়া পানী খোৱাৰ পাছত আমাৰ দেহটোৰ ভিতৰত গৰম কৰি তোলে । এই গৰমে দেহৰ বিভিন্ন বেক্টেৰিয়াক নষ্ট কৰিব পাৰে । আৰু ইয়াৰ পৰা ভাইৰেল ইনফেক্সনৰ পৰা হাত সাৰিব পাৰি । ভাত খোৱাৰ সময়ত কুহুমীয়া গৰম পানী খালে খাদ্য অতি সোনকালে ভালদৰে হজম হয় । যদি আমি প্ৰত্যেক দিনাই ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে এগিলাচ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস কৰোঁ তেন্তে কুষ্ঠকাঠিন্য ৰোগৰ পৰা হাত সাৰিব পাৰি । 


প্ৰত্যেক দিনাই কুহুমীয়া গৰম পানী খোৱাৰ ১০ বিধ মহান উপকাৰীতা Benefits Of Warm Water – 

Benefits of Warm water in winter | Health Tips | Jobs18Assam.com

১) অস্থমাৰ সমস্যা দূৰ কৰে – দৈনিক কুহুমীয়া গৰম পানী খালে অস্থমাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি । দৈনিক কুহুমীয়া গৰম পানী খোৱাৰ ফলত ডিঙিত জমা হোৱা কফ ওলাই আহে । যাৰ ফলত অস্থমা বেমাৰৰ পৰা হাত সাৰিব পাৰি ।

Benefits of Warm water in winter



২) চৰ্দি পানী লগা বেমাৰ দূৰ কৰে – কুহুমীয়া গৰম পানী খালে দেহটো গৰম হৈ থাকে ফলত চৰ্দি পানী লগা বেমাৰৰ পৰা বাছি থাকিব পাৰি ।

cold and cough



৩) মাংসপেশীৰ বিষ দূৰ কৰাত সহায় কৰে – দৈনিক কুহুমীয়া গৰম পানী খালে তেজৰ সঞ্চালন নিয়ন্ত্ৰণ হয় আৰু মাংসপেশীৰ বিষ নিৰাময় হোৱাত সহায় কৰে ।

How to Relieve Muscle Pain


ইটো পঢ়ক – 
শিক্ষিত নিবনুৱা সকলৰ বাবে সু খবৰ! চৰকাৰে দিব ৫০,০০০ হাজাৰকৈ টকা | এনেকৈ কৰক আবেদন | Jobs18Assam

৪) কিডনী সুস্থ কৰি ৰখাত সহায় কৰে – দৈনিক ৰাতিপুৱা কুহুমীয়া গৰম পানী খালে দেহৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাৰ ফলত কিডনী ত হ’ব পৰা ৰোগৰ পৰা হাত সাৰিব পাৰি ।

kidney problems



৫) পেটৰ চৰ্বি নাইকিয়া কৰাত সহায় কৰে – দৈনিক কুহুমীয়া গৰম পানী খালে দেহত জমা হোৱা অতিৰিক্ত চৰ্বিবোৰ জ্বলোৱাত কুহুমীয়া গৰম পানীয়ে সহায় কৰে ফলত মানুহৰ পেট কমোয়াত সহায়ক হয় ।

reduce stomach muscles



৬) কুষ্ঠকাঠিন্য ৰোগ দূৰ কৰাত সহায় কৰে – দৈনিক ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী খোৱাৰ ফলত কুষ্ঠকাঠিন্য ৰোগৰ পৰা হাত সাৰিব পাৰি । 

constipation


ইটো পঢ়ক – হালধিৰ এই কেইটা চমৎকাৰি গুণৰ বিষয়ে জানিলে আপুনিও হ’ব আচৰিত ! Health Benefits of Turmeric

৭) ভাইৰেল ইনফেক্সন দূৰ কৰাত সহায় কৰে – ঠাণ্ডা দিনত দৈনিক কুহুমীয়া গৰম পানীক খোৱাৰ অভ্যাসে ভাইৰেল ইনফেক্সনৰ ফলত হ’ব পৰা ৰোগৰ পৰা বাছি থাকিব পাৰি ।

viral fiver



৮) ওজন কমোৱাত সহায়ক – দৈনিক কুহুমীয়া গৰম পানী খালে খুব কম দিনতে দেহৰ ওজন কমাব পাৰি ।

weight loss

৯) খাদ্য হজম হোৱাত সহায় কৰে – খাদ্য খোৱাৰ সময়ত কুহুমীয়া গৰম পানী খালে খাদ্য বস্তু অতি সোনকালে হজম হোৱাত সাহয়ক হয় । আৰু আমাৰ পাচন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰি ৰাখে ।

Benefits of Warm water in winter | Health Tips | Jobs18Assam.com

১০) টোপনি অহাত সহায়ক – নিশা কম টোপনি অহা ব্যক্তিসকলে ৰাতি শোৱাৰ আগমূহুৰ্তত এগিলাচ গৰম পানী খাই শুলে ভাল টোপনি অহাত সহায় কৰে ।

good sleep

দৈনিক অতি কমেও ৩ ৰ পৰা ৪ লিটাৰ পানী নাখালেও ৰাতিপুৱা দুগিলাছ আৰু ৰাতি শোৱাৰ আগমুহূৰ্তত এগিলাচ হলেও কুহুমীয়া গৰম পানী খোৱা উচিত ।

[বি:দ্ৰ: এই লিখনিটো কেৱল সাধাৰন শিক্ষাৰ উদ্দেশ্য়েৰে হে  প্ৰকাশ কৰা হৈছে । কুহুমীয়া গৰম পানী খাবলৈ আৰম্ভ কৰাৰ আগতে এবাৰ আপোনাৰ নিৰ্দিষ্ট চিকিত্সক জনৰ পৰামৰ্শ লৈহে খাব ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব । ৱাটচএপত চাকৰি খবৰ পাবলৈ – ইয়াত ক্লিক কৰক ।

ইংৰাজীত চাকৰি পঢ়িবলৈ – ক্লিক কৰক ।

2 thoughts on “এই কেইটা বেমাৰ আছে যদি চাওঁক আৰু অতি সহজতে ঘৰুৱা বিধানেৰে দিয়ক বিদায় ! Health Tips | Jobs18Assam.com”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More