Deputy Commissioner Dhubri Recruitment 2020 – ধুবুৰী উপায়ুক্ত কাৰ্যালয়ত মুকলি হৈছে বহুকেইটা তৃতীয় বৰ্গৰ পদ । Deputy Commissioner Dhubri অফিচৰ পৰা এটা নিয়োগ সম্পৰ্কীয় বিজ্ঞাপন প্ৰকাশ পাইছে ।
এই পদৰ বাবে যোগ্যতা সম্পর্ণ নাগৰিকৰ পৰা আবেদন বিচৰা হৈছে । মুঠ 17 টা তৃতীয় বৰ্গৰ কনিষ্ঠ সহায়ক খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে Deputy Commissioner Dhubri Junior Assistant Recruitment 2020 ৰ বাবে আবেদন কৰিব পাৰিব ।
কেনেকৈ আবেদন কৰিব আৰু কি কি অৰ্হতাৰ প্ৰয়োজন হ’ব এই লিখনিটোতে আপোনাক জনাই দিবলৈ চেষ্টা কৰা হৈছে ।
ধুবুৰী উপায়ুক্ত কাৰ্য্যালয়ৰ কনিষ্ঠ সহায়ক পদৰ সবিশেষ | Deputy Commissioner Dhubri Junior Assistant Recruitment 2020 – Details
পদৰ নাম – কনিষ্ঠ সহায়ক / Junior Assistant
খালী পদৰ সংখ্যা – 17 টা
নিয়োগ কৰ্তৃপক্ষ – Office of the Deputy Commissioner Dhubri.
চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি গ্ৰেড -III
দৰমহা – PB-2 14,000 /- টকাৰ পৰা 60,500 টকা লগতে 6,200 টকা গ্ৰেড পে ।
বয়স – 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আবেদন কৰিব পাৰিব ।
চৰকাৰী নিয়ম অনুসৰি বিশেষ শ্ৰেণীৰ প্ৰাৰ্থী সকলৰ বাবে বয়সৰ উচ্চ সীমাৰ ৰেহাইৰ ব্যবস্থা কৰা হৈছে ।
OBC /MOBC – 3 বছৰ ।
SC / ST – 5 বছৰ ।
Ex Servicemen – 2 বছৰ ।
PWD প্ৰাৰ্থী সকলৰ বাবে – 10 বছৰ ।
শিক্ষাগত অৰ্হতা – Educational Qualification For Deputy Commissioner Dhubri Junior Assistant Recruitment 2020
1)চৰকাৰী স্বীকৃত প্ৰাপ্ত শিক্ষা অনুষ্ঠানৰ পৰা বি.এ পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব ।
2)প্ৰাৰ্থী সকলৰ 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট/ডিপ্লমা থকাটো প্রোয়োজনীয় । MS Window, PowerPoint, Excel আৰু DTP(ইংৰাজী/অসমীয়া) ত পাৰ্গত হ’ব লাগিব।
নিৰ্বাচন প্ৰক্ৰিয়া / Selection Process – লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ উপৰিও কম্পিউটাৰৰ পাৰদৰ্শিতাৰ ওপৰত এটা পৰীক্ষা অনুষ্ঠিত হ’ব ।
কনিষ্ঠ সহায়কৰ পদৰ বাবে কেনেকৈ আবেদন কৰিব/ How to Apply Deputy Commissioner Dhubri Junior Assistant Recruitment 2020
প্ৰাৰ্থী সকলে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব । তলত উল্লেখ কৰা অফিচিয়েল ৱেবছাইট দুটাৰ মাধ্যমেৰে 02/11/2020 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব ।
ৱেবচাইট –
1) http://www.dhubri.gov.in/
2) https://niyukti.assam.gov.in/dhubri
প্ৰয়োজনীয় তাৰিখ সমূহ –
আবেদন প্ৰক্ৰিয়া আৰম্ভণিৰ তাৰিখ – 02/11/2020
আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ – 20/11/2020
অফিচৰ বিজ্ঞাপনটো পাবকৈ – ক্লিক কৰক ।
অনলাইন আবেদন কৰিবলৈ – ক্লিক কৰক ।
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]