ঠাণ্ডা দিনত প্ৰায়ভাগ ব্যক্তিৰেই জ্বৰ চৰ্দি পানী লগা,কাঁহ ইত্যাদি বেমাৰবোৰ দেখা যায় । আৰু আমি যদি বিশেষকৈ ঠাণ্ডাৰ দিনকেইটা নিৰ্দিষ্ট নিয়মত নচলোঁ তেন্তে এইবোৰ ৰোগৰ পৰা কেতিয়াও বাচিব নোৱাৰো । ৰোগ প্ৰতিৰোধৰ সমতা বেছিকৈ থকা লোকসকলৰ কথা বাৰু অলপ সুকীয়া । ওপৰত উল্লেখ কৰা ৰোগ কেইটাৰ বাহিৰেও আপুনি দৈনিক খোৱা পানীৰ পৰা আন বহু ৰোগৰ কাৰণ হ’ব পাৰে ।
গতিকে এই লিখনিত ঠাণ্ডা দিনত কেনেকুৱা পানী খালে আমি কি কি ৰোগৰ পৰা হাত সাৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰা হৈছে।
ঠাণ্ডা দিনত বিশেষকৈ কুহুমীয়া গৰম পানী খাব লাগে । কুহুমীয়া পানীয়ে বহু ৰোগৰ পৰা আমাক বচাব পাৰে । আয়ুৰ্বেদতো কুহুমীয়া পানীৰ ভিন্ন উপকাৰীতাৰ বিষয়ে কোৱা হৈছে । আপুনি জানি আচৰিত হব যে কুহুমীয়া গৰম পানীয়ে কিমান বেমাৰ হোৱাত বাধা দিব পাৰে । এই লিখনিটোত আমি কুহুমীয়া গৰম পানীৰ মহান ঔষধীৰ গুনৰ বিষয়ে আলোচনা কৰিম ।
কুহুমীয়া পানীয়ে আমাক কেনেকৈ উপকাৰ কৰে | Benefits Of Warm Water –
আমি সকলোৱে জানো যে কুহুমীয়া পানী খোৱাৰ পাছত আমাৰ দেহটোৰ ভিতৰত গৰম কৰি তোলে । এই গৰমে দেহৰ বিভিন্ন বেক্টেৰিয়াক নষ্ট কৰিব পাৰে । আৰু ইয়াৰ পৰা ভাইৰেল ইনফেক্সনৰ পৰা হাত সাৰিব পাৰি । ভাত খোৱাৰ সময়ত কুহুমীয়া গৰম পানী খালে খাদ্য অতি সোনকালে ভালদৰে হজম হয় । যদি আমি প্ৰত্যেক দিনাই ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে এগিলাচ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস কৰোঁ তেন্তে কুষ্ঠকাঠিন্য ৰোগৰ পৰা হাত সাৰিব পাৰি ।
প্ৰত্যেক দিনাই কুহুমীয়া গৰম পানী খোৱাৰ ১০ বিধ মহান উপকাৰীতা | Benefits Of Warm Water –
Benefits of Warm water in winter | Health Tips | Jobs18Assam.com
১) অস্থমাৰ সমস্যা দূৰ কৰে – দৈনিক কুহুমীয়া গৰম পানী খালে অস্থমাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি । দৈনিক কুহুমীয়া গৰম পানী খোৱাৰ ফলত ডিঙিত জমা হোৱা কফ ওলাই আহে । যাৰ ফলত অস্থমা বেমাৰৰ পৰা হাত সাৰিব পাৰি ।
২) চৰ্দি পানী লগা বেমাৰ দূৰ কৰে – কুহুমীয়া গৰম পানী খালে দেহটো গৰম হৈ থাকে ফলত চৰ্দি পানী লগা বেমাৰৰ পৰা বাছি থাকিব পাৰি ।
৩) মাংসপেশীৰ বিষ দূৰ কৰাত সহায় কৰে – দৈনিক কুহুমীয়া গৰম পানী খালে তেজৰ সঞ্চালন নিয়ন্ত্ৰণ হয় আৰু মাংসপেশীৰ বিষ নিৰাময় হোৱাত সহায় কৰে ।
এইটো পঢ়ক – শিক্ষিত নিবনুৱা সকলৰ বাবে সু খবৰ! চৰকাৰে দিব ৫০,০০০ হাজাৰকৈ টকা | এনেকৈ কৰক আবেদন | Jobs18Assam
৪) কিডনী সুস্থ কৰি ৰখাত সহায় কৰে – দৈনিক ৰাতিপুৱা কুহুমীয়া গৰম পানী খালে দেহৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাৰ ফলত কিডনী ত হ’ব পৰা ৰোগৰ পৰা হাত সাৰিব পাৰি ।
৫) পেটৰ চৰ্বি নাইকিয়া কৰাত সহায় কৰে – দৈনিক কুহুমীয়া গৰম পানী খালে দেহত জমা হোৱা অতিৰিক্ত চৰ্বিবোৰ জ্বলোৱাত কুহুমীয়া গৰম পানীয়ে সহায় কৰে ফলত মানুহৰ পেট কমোয়াত সহায়ক হয় ।
৬) কুষ্ঠকাঠিন্য ৰোগ দূৰ কৰাত সহায় কৰে – দৈনিক ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী খোৱাৰ ফলত কুষ্ঠকাঠিন্য ৰোগৰ পৰা হাত সাৰিব পাৰি ।
এইটো পঢ়ক – হালধিৰ এই কেইটা চমৎকাৰি গুণৰ বিষয়ে জানিলে আপুনিও হ’ব আচৰিত ! Health Benefits of Turmeric
৭) ভাইৰেল ইনফেক্সন দূৰ কৰাত সহায় কৰে – ঠাণ্ডা দিনত দৈনিক কুহুমীয়া গৰম পানীক খোৱাৰ অভ্যাসে ভাইৰেল ইনফেক্সনৰ ফলত হ’ব পৰা ৰোগৰ পৰা বাছি থাকিব পাৰি ।
৮) ওজন কমোৱাত সহায়ক – দৈনিক কুহুমীয়া গৰম পানী খালে খুব কম দিনতে দেহৰ ওজন কমাব পাৰি ।
৯) খাদ্য হজম হোৱাত সহায় কৰে – খাদ্য খোৱাৰ সময়ত কুহুমীয়া গৰম পানী খালে খাদ্য বস্তু অতি সোনকালে হজম হোৱাত সাহয়ক হয় । আৰু আমাৰ পাচন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰি ৰাখে ।
১০) টোপনি অহাত সহায়ক – নিশা কম টোপনি অহা ব্যক্তিসকলে ৰাতি শোৱাৰ আগমূহুৰ্তত এগিলাচ গৰম পানী খাই শুলে ভাল টোপনি অহাত সহায় কৰে ।
দৈনিক অতি কমেও ৩ ৰ পৰা ৪ লিটাৰ পানী নাখালেও ৰাতিপুৱা দুগিলাছ আৰু ৰাতি শোৱাৰ আগমুহূৰ্তত এগিলাচ হলেও কুহুমীয়া গৰম পানী খোৱা উচিত ।
[বি:দ্ৰ: এই লিখনিটো কেৱল সাধাৰন শিক্ষাৰ উদ্দেশ্য়েৰে হে প্ৰকাশ কৰা হৈছে । কুহুমীয়া গৰম পানী খাবলৈ আৰম্ভ কৰাৰ আগতে এবাৰ আপোনাৰ নিৰ্দিষ্ট চিকিত্সক জনৰ পৰামৰ্শ লৈহে খাব ।]
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব । ৱাটচএপত চাকৰি খবৰ পাবলৈ – ইয়াত ক্লিক কৰক ।
ইংৰাজীত চাকৰি পঢ়িবলৈ – ক্লিক কৰক ।
সুন্দৰ।। জানিব লগীয়া বিষয়।
আন্তৰিক ধন্যবাদ ।